সমললৈ যাওক

কবি প্ৰদীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবি প্ৰদীপ

১৯৪২ চনত প্ৰদীপ
জন্ম ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী
৬ ফেব্ৰুৱাৰী, ১৯১৫
বাদনগৰ, চেণ্ট্ৰেল ইণ্ডিয়া এজেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান মধ্যপ্ৰদেশ)
মৃত্যু ১১ ডিচেম্বৰ, ১৯৯৮ (৮৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা কবি
সক্ৰিয় হৈ থকা সময় ১৯৩৯-১৯৯৭

কবি প্ৰদীপ (জন্ম:ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী; ইংৰাজী: Kavi Pradeep; ৬ ফ্ৰেব্ৰুৱাৰী ১৯১৫-১১ ডিচেম্বৰ ১৯৯৮) [1] এজন ভাৰতীয় কবি। চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখা য়ে মেৰে ৱতন কে লোগো নামৰ দেশপ্ৰেমমূলক গীতটোৰ বাবে কবি প্ৰদীপ বিশেষভাৱে জনাজাত।

তেওঁ প্ৰথম স্বীকৃতি লাভ কৰিছিল বন্ধন (১৯৪০) ছবিৰ দেশপ্ৰেমমূলক গীতৰ বাবে। ভাৰতৰ প্ৰথম সোণালী জয়ন্তী হিট কিচমত (১৯৪৩) ছবিৰ সাহসী ৰচনা দুৰ হতো এ দুনিয়া ৱালো শীৰ্ষক গীতটো লিখাৰ পিছত জাতীয়তাবাদী লেখক হিচাপে তেওঁৰ মৰ্যদা অমৰ হৈ পৰে। ছবিখন মুক্তিৰ পিছত ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰি গ্ৰেপ্তাৰৰ হাত সাৰিবলৈ তেওঁ আত্মগোপন কৰিবলৈ বাধ্য হৈ পৰিছিল। [2]

পাঁচ দশকৰ কৰ্মজীৱনত কবি প্ৰদীপে প্ৰায় ১৭০০ টা গীত[1] আৰু জাতীয়তাবাদী কবিতা ৰচনা কৰিছে; য'ত বন্ধন (১৯৪০) ছবিৰ চল চল ৰে নজোৱান আৰু আও বচ্চো তুমহে দিখায়েঁ, জাগৃতি (১৯৫৪) ছবিৰ দে দে হমে আজাদী আদি হিট গীতকে ধৰি ৭২খন চলচ্চিত্ৰৰ গীতো অন্তৰ্ভুক্ত হৈ আছে৷[3] ১৯৫৮ চনত এইচ.এম.ভি.য়ে তেওঁ ৰচনা কৰা ১৩টা গীতৰ এলবাম এটা মুক্তি দিয়ে।[1]

১৯৯৭ চনত জীৱনজোৰা কৃতিত্বৰ বাবে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে তেওঁক সন্মানিত কৰা হয়।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১৫ চনত উজ্জয়িনীৰ সমীপৱৰ্তী মধ্য ভাৰতৰ সৰু চহৰ বাদনগৰৰ এটা মধ্যবিত্তীয় ঔদিচ্য ব্ৰাহ্মণ পৰিয়ালত কবি প্ৰদীপৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম আছিল ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী। প্ৰাৰম্ভিক ছাত্ৰকালৰে পৰা লক্ষ্ণৌ বিশ্ববিদ্যালয়ত স্নাতক মহলাত পঢ়া-শুনা কৰালৈকে[4] তেওঁৰ হিন্দী কবিতা ৰচনাৰ প্ৰতি আকৰ্ষণ আছিল। উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ স্থানীয় প্ৰতিভাশালী কবি, প্ৰখ্যাত কবি শ্ৰী বলভদ্ৰ প্ৰসাদ দীক্ষিতৰ জ্যেষ্ঠ পুত্ৰ- শ্ৰী গিৰিজা শংকৰ দীক্ষিত আছিল তেওঁৰ কবিতাৰ প্ৰথম গুৰু। তেওঁ নিজৰ অনুকৰণীয় শৈলীৰে কবি সন্মিলনত দৰ্শকক সম্মোহিত কৰিছিল। এই সময়তে তেওঁ প্ৰদীপ ছদ্মনাম গ্ৰহণ কৰে।[4] ১৯৩৯ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ শিক্ষক হোৱাৰ মানসেৰে শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰমত যোগদান কৰাৰ সিদ্ধান্ত লয়।[5]

২০১১ চনত কবি প্ৰদীপৰ সন্মানত মুকলি কৰি ডাকটিকট

কৰ্মজীৱনৰ আৰম্ভণি

[সম্পাদনা কৰক]

বম্বেৰ এখন কবি সন্মিলনলৈ আমন্ত্ৰিত হৈ যাওঁতে তেওঁ বম্বে টকিজৰ হিমাংশু ৰায়ৰ পৰা প্ৰথমখন ছবি কংগনৰ বাবে (১৯৩৯) প্ৰস্তাৱ লাভ কৰে। ছবিখনত অভিনয় কৰিছিল লীলা চিটনিছ আৰু অশোক কুমাৰে। প্ৰদীপে বম্বেলৈ গুছি আহে আৰু ছবিখনৰ বাবে চাৰিটা গীত লিখে। এই আটাইবোৰ গীতেই অতি জনপ্ৰিয় হৈ পৰিছিল আৰু তাৰে তিনিটা তেওঁ গীত নিজেই গাইছিল।

তেওঁৰ পৰৱৰ্তী ছবি আছিল এছ মুখাৰ্জীৰ প্ৰযোজনা আৰু জ্ঞান মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত বন্ধন (১৯৪০)। সংগীত পৰিচালক আছিল সৰস্বতী দেৱী। ছবিখনৰ আটাইবোৰ গীতেই তেওঁ লিখে আৰু আটাইবোৰ গীতেই চুপাৰ-ডুপাৰ হিট হয়। আটাইতকৈ উল্লেখযোগ্য গীতটো হৈছে "চল চল ৰে নজোৱান"। ভাৰতৰ স্বাধীনতা আন্দোলন এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত থকাত গীতটোৱে প্ৰবল লহৰৰ সৃষ্টি কৰিছিল। [6]

সোণালী যুগ

[সম্পাদনা কৰক]

বম্বে টকীজৰ হৈ তেওঁ আৰু পাঁচখন ছবিৰ কাম কৰিছিল, য’ত আছিল পুনৰ মিলন (১৯৪০), ঝুলা (১৯৪১), নয়া সংসাৰ (১৯৪১), অঞ্জন (১৯৪৩) আৰু কিছমত (১৯৪৩)। কিছমতক দেশপ্ৰেমমূলক গীত দূৰ হাতো এ দুনিয়াৱালো, হিন্দুস্তান হামৰা হায়ৰ বাবে জনা যায়।

মাশাল (১৯৫০) তেওঁৰ পৰৱৰ্তী ছবি আৰু ইয়াত মান্না দেই গোৱা "উপৰ গগন বিশাল" গীতটো অতি জনপ্ৰিয় হৈছিল। নাস্তিক (১৯৫৪) আৰু জাগৃতি (১৯৫৪) ছবিৰ গীত ৰচনা কৰাৰ সময়ত কবি প্ৰদীপ সৃজনশীলতাৰ শিখৰত উপনীত হৈছিল। আনকি তেওঁ নাস্তিক (১৯৫৪) ছবিৰ চিৰসেউজ গীত দেখ তেৰে সংসাৰ কি হালত ক্যা হো গয়া ভগৱান, কিতনা বদল গয়া ইনচানত কণ্ঠদানো কৰিছিল। জাগৃতিক তেওঁ শ্ৰেষ্ঠ কৰ্মবোৰৰ অন্যতম বুলি গণ্য কৰা হয়, য’ত সন্নিবিষ্ট হৈছিল, আও বচ্চো তুমহেঁ দিখায়েঁ ঝাঁকি হিন্দুস্তান কী (নিজে কণ্ঠদান কৰা), হম লায়ে হ্যায় তুফান চে কিস্তি নিকল কে, ইছ দেশ কো ৰখনা মেৰে বচ্ছো সম্ভালকে আৰু দে দি হমে আজাদী আদি হিট গীত। ত্ৰিলোক কাপুৰ আৰু নিৰুপা ৰয় অভিনীত ছুপাৰহিট ছবি বামন অৱতাৰৰ (১৯৫৫) তেওঁৰ ভক্তিমূলক গীত তেৰে দ্বাৰ খাড়া ভগৱান আজিও জনপ্ৰিয়।

তেওঁৰ গীতবোৰ ইমানেই জনপ্ৰিয় আছিল যে অনুৰাগীয়ে তেওঁৰ ছবিবোৰ বাৰে বাৰে চাইছিল, কেৱল তেওঁৰ হৃদয়স্পৰ্শী গীতবোৰ শুনিবলৈ। পৰিস্থিতিৰ লগত খাপ খোৱা এটা অৰ্থক চিত্ৰিত কৰি সহজ শব্দৰে গীত লিখাত কবি প্ৰদীপে সদায় বিশ্বাস কৰিছিল। তেওঁৰ গীতৰ জনপ্ৰিয়তাৰ কাৰণ আছিল তেওঁৰ মাটিৰ সৈতে সম্পৰ্ক থকা গীতৰ কথা আৰু সকলোৱে ভালদৰে বুজি পোৱা সহজ ভাষা।

পৰৱৰ্তী কাল

[সম্পাদনা কৰক]

১৯৬০-ৰ দশকত তেওঁৰ গীতৰ জনপ্ৰিয়তা ক্ৰমশঃ কমি আহিছিল আৰু পশ্চিমীয়া সংগীত আৰু ফাষ্ট নাম্বাৰ বিচৰা চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁক এৰাই চলিছিল। অৱশ্যে তেওঁ ৰাজেন্দ্ৰ কুমাৰ অভিনীত ছবি তালাক আৰু দিলীপ কুমাৰ, ৰাজ কুমাৰ আৰু বৈজয়ন্তীমালা অভিনীত পয়গম (১৯৫৯) ছবিৰে নিজৰ বিৰোধীসকলক ভুল প্ৰমাণিত কৰিবলৈ সক্ষম হয়। প্ৰদীপ কুমাৰ অভিনীত, এচ মুখাৰ্জীৰ সম্বন্ধ (১৯৬৯) ছবিখন কবি প্ৰদীপ ৰচিত চল অকেলা, চল অকেলা; যো দিয়া থা তুমনে এক দিন আদি গানৰ জনপ্ৰিয়তাৰ বলতে চলিছিল। ১৯৭৫ চনত জয় সন্তোষী মা চিনেমা মুক্তি পোৱালৈকে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি থাকিল। অতি কম বাজেটেৰে নিৰ্মিত এই ছবিখনৰ উপাৰ্জন আন এখন ব্লকবাষ্টাৰ ছবিৰ শ্বোলেৰ সমকক্ষ আছিল। মাহৰ পিছত মাহ ধৰি ছবিখন প্ৰদৰ্শন কৰা ছবিগৃহবোৰত “হাউচফুল”ৰ ফলক ওলমি আছিল। ছবিগৃহত মেঁতো আৰতি উতাৰুঁ ৰে সন্তোষী মাতা কী চিৰসেউজ গীতটো আৰম্ভ হ’লেই মহিলাসকলে দেৱী সন্তোষীৰ উদ্দেশ্যে পূজা-অৰ্চনা আগবঢ়াইছিল। ছবিখনৰ প্ৰদীপে কণ্ঠদান কৰা এটা গীত "য়াহা ৱহা"ৰ বাবে তেওঁ ১৯৭৫ চনত শ্ৰেষ্ঠ পুৰষ নেপথ্য কণ্ঠশিল্পীৰ বেংগল ফিল্ম জাৰ্ণলিষ্ট বঁটা লাভ কৰিছিল।[7]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]